ডিজিটেল আহিলা / আৰোহণ
আৰোহণ
AAROHAN
চিত্ৰনাট্য আৰু চলচ্চিত্ৰ প্ৰযোজনাৰ চফ্টৱেৰ
এই ধৰণৰ প্ৰথম অসমীয়া চফ্টৱেৰ
চিত্ৰনাট্য আৰু চলচ্চিত্ৰ প্ৰযোজনাৰ চফ্টৱেৰ। গীত আৰু গীতৰ কথাসহ অসমীয়া, ইংৰাজী বা দুয়োটা ভাষাত চিত্ৰনাট্য লিখক, তাৰ পাছত ব্ৰেকডাউন, শ্বুটিঙৰ সূচী, কল শ্বীট আৰু বাজেট প্ৰস্তুত কৰক।
ৱেব এপটো Chrome, Edge, Safari বা Firefox-ত খুলিব পাৰি। আৰম্ভণি পৃষ্ঠাৰ পৰা ইনষ্টল কৰিলে ইণ্টাৰনেট নোহোৱাকৈও চলে। অফলাইন ফাইলটো (১.০ MB) কম্পিউটাৰৰ বাবে।
মুকলি: দেওবাৰ, ২৫ অক্টোবৰ ২০২৬, সন্ধিয়া ৫:৩০ বজাত, BBITF ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত
শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী
কি কি কৰিব পাৰি
- গীত আৰু গীতৰ কথাসহ চিত্ৰনাট্য লিখন
- প্ৰতিটো শাৰীৰ তলত অনুবাদসহ দ্বিভাষিক চিত্ৰনাট্য
- Word (.docx) চিত্ৰনাট্য খোলা আৰু সংৰক্ষণ
- PDF, Fountain আৰু Final Draft-লৈ ৰপ্তানি
- চিত্ৰনাট্যৰ ব্ৰেকডাউন
- ষ্ট্ৰিপব’ৰ্ডত শ্বুটিঙৰ সময়সূচী
- কল শ্বীট, ষ্ট’ৰীব’ৰ্ড আৰু কণ্টিনিউটি লগ
- পৰিকল্পনা: কলা-কুশলী, শ্বুটিঙৰ স্থান আৰু বাজেট
AANK-ৰ আন এপৰ লগত সংযোগ
মূল এপ সুধাকণ্ঠ বা শিল্প কুটিৰ, সোণপখিলী, বুঢ়া লুইত, শ্ৰীনিবাৰণ আৰু কুমচুংলৈ চিত্ৰনাট্য পঠিয়াব পাৰি, আৰু সেইবোৰৰ কাম ইয়াত নতুন চিত্ৰনাট্য হিচাপে খুলিব পাৰি।
এটা এপত পঠিয়াওক… বাছক, তাৰ পাছত আনটো এপত আন এপৰ পৰা… বাছক। aank.org-ত কামটো লগে লগে আনটো এপলৈ যায়; আন ঠাইত ই এটা .aank ফাইল হিচাপে যায়।
নিৰ্দেশিকা আৰু ডাউনল’ড
প্ৰথমে ইনষ্টলেচন নিৰ্দেশিকা পঢ়ক: কম্পিউটাৰ, ফ’ন বা টেবলেটত এপটো কেনেকৈ খুলিব, ইনষ্টল কৰিব আৰু কাম সুৰক্ষিতে ৰাখিব, তাত দিয়া আছে।
ডিভাইচ
কম্পিউটাৰ, Android ফ’ন আৰু iPhone বা iPad-ৰ Chrome, Edge, Safari বা Firefox-ত চলে। ফ’নত চোৱা আৰু সৰু-সুৰা সলনিৰ বাবে সুবিধাজনক; সম্পূৰ্ণ কামৰ বাবে Chrome বা Edge থকা লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ কৰক।
আপোনাৰ কাম আপোনাৰ ডিভাইচতে থাকে
আপুনি কৰা সকলো কাম আপোনাৰ ডিভাইচতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। মাজে মাজে প্ৰকল্প-ফাইল সংৰক্ষণ কৰি বেকআপ ৰাখক।
ৱেব এপটো খুলিবলৈ ফ’নৰ কেমেৰাৰে স্কেন কৰক।
apps.aank.org/aarohan/
উৎসৰ্গ
সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ড° ভবেন্দ্ৰনাথ শইকীয়া (১৯৩২–২০০৩)
আৰোহণ বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।
প্ৰশ্ন, সমস্যা বা নতুন ধাৰণা জনাবলৈ এপটোৰ ‘মতামত পঠিয়াওক’ সুবিধাটো ব্যৱহাৰ কৰক।
অসমৰ AANK_A Creative Line-ৰ হৈ ড° মৃণাল জ্যোতি গোস্বামীৰ সৃষ্টি।
আৰোহণ ২.০ · ২৫ অক্টোবৰ ২০২৬ত মুকলি
AANK-ৰ সকলো ডিজিটেল আহিলা