ডিজিটেল আহিলা / শ্ৰীনিবাৰণ
শ্ৰীনিবাৰণ
SRINIBARAN
ডিজিটেল মঞ্চ-ব্লকিং, গতি আৰু স্থানবিন্যাসৰ ষ্টুডিঅ’
এই ধৰণৰ প্ৰথম অসমীয়া চফ্টৱেৰ
সংকেতৰ পৰা সংকেতলৈ প্ৰযোজনাৰ ব্লকিং কৰক। প্ৰকৃত মাপৰ মঞ্চ-নক্সাত অভিনেতা আৰু দৃশ্যসজ্জা সজাওক, গতিপথ আঁকক, ত্ৰিমাত্ৰিক দৃশ্যত মঞ্চখন চাওক আৰু সংকেত-পাঠ ছপা কৰক।
ৱেব এপটো Chrome, Edge, Safari বা Firefox-ত খুলিব পাৰি। আৰম্ভণি পৃষ্ঠাৰ পৰা ইনষ্টল কৰিলে ইণ্টাৰনেট নোহোৱাকৈও চলে। অফলাইন ফাইলটো (২.০ MB) কম্পিউটাৰৰ বাবে।
মুকলি: দেওবাৰ, ২৫ অক্টোবৰ ২০২৬, সন্ধিয়া ৫:৩০ বজাত, BBITF ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত
শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী
কি কি কৰিব পাৰি
- প্ৰকৃত মাপৰ মঞ্চ-নক্সাত ব্লকিং আৰু গতি
- সংকেতৰ পৰা সংকেতলৈ গতিপথ
- নামঘৰৰ ভাওনাকে ধৰি আঠ প্ৰকাৰৰ মঞ্চ
- ত্ৰিমাত্ৰিক মঞ্চ
- ৱৰ্ড বা PDF-ৰ পৰা অসমীয়া বা ইংৰাজী নাট্যপাঠ
- সংকেতৰ লগত সংযুক্ত নাট্যপাঠৰ শাৰী
- স্থানবিন্যাসৰ চিত্ৰ আৰু মঞ্চায়নৰ গতি-বিন্যাস
- ছপা কৰিব পৰা কাৰিকৰী সংকেত-পাঠ
AANK-ৰ আন এপৰ লগত সংযোগ
মূল এপ সুধাকণ্ঠ বা শিল্প কুটিৰ, সোণপখিলী, বুঢ়া লুইত, আৰোহণ আৰু কুমচুংলৈ প্ৰযোজনা পঠিয়াব পাৰি, আৰু সেইবোৰৰ কাম ইয়াত খুলিব পাৰি। সুধাকণ্ঠত আপোনাৰ সংকেতবোৰ মঞ্চৰ একে ঠাইতে চলনৰ খণ্ড হৈ পৰে।
এটা এপত পঠিয়াওক… বাছক, তাৰ পাছত আনটো এপত আন এপৰ পৰা… বাছক। aank.org-ত কামটো লগে লগে আনটো এপলৈ যায়; আন ঠাইত ই এটা .aank ফাইল হিচাপে যায়।
নিৰ্দেশিকা আৰু ডাউনল’ড
প্ৰথমে ইনষ্টলেচন নিৰ্দেশিকা পঢ়ক: কম্পিউটাৰ, ফ’ন বা টেবলেটত এপটো কেনেকৈ খুলিব, ইনষ্টল কৰিব আৰু কাম সুৰক্ষিতে ৰাখিব, তাত দিয়া আছে।
ডিভাইচ
কম্পিউটাৰ, টেবলেট আৰু ফ’নৰ Chrome, Edge, Safari আৰু Firefox-ত ইণ্টাৰনেট থাকিলেও নাথাকিলেও চলে। ফ’নত চোৱা আৰু সৰু-সুৰা সলনিৰ বাবে সুবিধাজনক; সম্পূৰ্ণ কামৰ বাবে Chrome বা Edge থকা লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ কৰক।
আপোনাৰ কাম আপোনাৰ ডিভাইচতে থাকে
আপুনি কৰা সকলো কাম আপোনাৰ ডিভাইচতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। মাজে মাজে প্ৰকল্প-ফাইল সংৰক্ষণ কৰি বেকআপ ৰাখক।
ৱেব এপটো খুলিবলৈ ফ’নৰ কেমেৰাৰে স্কেন কৰক।
apps.aank.org/srinibaran/
চিৰস্মৰণীয় নাট্য-অৱদানলৈ শ্ৰদ্ধাঞ্জলি
অৰুণ শৰ্মা আৰু কুলদা কুমাৰ ভট্টাচাৰ্য
শ্ৰীনিবাৰণ বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।
প্ৰশ্ন, সমস্যা বা নতুন ধাৰণা জনাবলৈ এপটোৰ ‘মতামত পঠিয়াওক’ সুবিধাটো ব্যৱহাৰ কৰক।
অসমৰ AANK_A Creative Line-ৰ হৈ ড° মৃণাল জ্যোতি গোস্বামীৰ সৃষ্টি।
শ্ৰীনিবাৰণ ১.০ · ২৫ অক্টোবৰ ২০২৬ত মুকলি
AANK-ৰ সকলো ডিজিটেল আহিলা