Aank

BBITF ২০২৬ · ২৫–২৯ অক্টোবৰ · গুৱাহাটী  ·  প্ৰতিদিনৰ ডেলিগেট পাছ ₹১০০, কাউণ্টাৰত উপলব্ধ  ·  অনুষ্ঠানসূচী  ·  ২৫ অক্টোবৰৰ পৰা আঠটা বিনামূলীয়া এপ

মেনু

ডিজিটেল আহিলা / বুঢ়া লুইত

উচ্চ স্তৰৰ ষ্টুডিঅ’
বিনামূলীয়া
ইণ্টাৰনেট নোহোৱাকৈও চলে
সংস্কৰণ ২.০
ইংৰাজী · অসমীয়া

বুঢ়া লুইত

BURHA LUIT

মঞ্চৰ বাবে ধ্বনি, ছবি, ভিডিঅ’ আৰু উপশিৰোনাম

এই ধৰণৰ প্ৰথম অসমীয়া চফ্টৱেৰ

মঞ্চৰ বাবে প্ৰদৰ্শন নিয়ন্ত্ৰণৰ চফ্টৱেৰ। একেখন কিউ তালিকাৰ পৰা তিনিটালৈকে প্ৰজেক্টৰত সংগীত, ভিডিঅ’, ছবি আৰু দুটা ভাষাৰ উপশিৰোনাম চলাওক।

ৱেব এপটো Chrome, Edge, Safari বা Firefox-ত খুলিব পাৰি। আৰম্ভণি পৃষ্ঠাৰ পৰা ইনষ্টল কৰিলে ইণ্টাৰনেট নোহোৱাকৈও চলে। অফলাইন ফাইলটো (৫৯০ KB) কম্পিউটাৰৰ বাবে।

BURHA LUIT logo

মুকলি: দেওবাৰ, ২৫ অক্টোবৰ ২০২৬, সন্ধিয়া ৫:৩০ বজাত, BBITF ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত

শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী

কি কি কৰিব পাৰি

বুঢ়া লুইতৰ উন্মোচনৰ পোষ্টাৰ

AANK-ৰ আন এপৰ লগত সংযোগ

মূল এপ সুধাকণ্ঠ বা শিল্প কুটিৰ, সোণপখিলী, আৰোহণ, শ্ৰীনিবাৰণ আৰু কুমচুংলৈ প্ৰদৰ্শন পঠিয়াব পাৰি। সেইবোৰৰ কাম ইয়াত খুলিলে অভিনয় শিল্পী আৰু নেপথ্যৰ দল প্ৰযোজনা-পত্ৰত অন্তৰ্ভুক্ত হয়, দৃশ্যবোৰ দৃশ্যৰ শিৰোনাম হয় আৰু সংলাপবোৰ উপশিৰোনাম কিউ হয়।

এটা এপত পঠিয়াওক… বাছক, তাৰ পাছত আনটো এপত আন এপৰ পৰা… বাছক। aank.org-ত কামটো লগে লগে আনটো এপলৈ যায়; আন ঠাইত ই এটা .aank ফাইল হিচাপে যায়।

নিৰ্দেশিকা আৰু ডাউনল’ড

প্ৰথমে ইনষ্টলেচন নিৰ্দেশিকা পঢ়ক: কম্পিউটাৰ, ফ’ন বা টেবলেটত এপটো কেনেকৈ খুলিব, ইনষ্টল কৰিব আৰু কাম সুৰক্ষিতে ৰাখিব, তাত দিয়া আছে।

ব্যৱহাৰ-নিৰ্দেশিকা (ইংৰাজী)

PDF · ৪.৪ MB

ব্যৱহাৰ-নিৰ্দেশিকা (অসমীয়া)

PDF · ৪.৯ MB

ইনষ্টলেচন নিৰ্দেশিকা (ইংৰাজী)

PDF · ৭৯৩ KB

ইনষ্টলেচন নিৰ্দেশিকা (অসমীয়া)

PDF · ৯৪৮ KB

অফলাইন ফাইল (এটা HTML)

HTML · ৫৯০ KB

Start ফাইলসহ পৰ্টেবল ফ’ল্ডাৰ (.zip)

ZIP · ৩৪৫ KB

মিডিয়াসহ নমুনা প্ৰদৰ্শন “ঘাটৰ সন্ধিয়া” (.luit)

LUIT · ৭.৬ MB

ডিভাইচ

Chrome বা Edge থকা লেপটপ বা কম্পিউটাৰ (Windows, Mac বা Linux)। আন ব্ৰাউজাৰতো চলে, কিন্তু কম সুবিধা থাকে। প্ৰজেক্টৰ সংযোগ কৰি ডিছপ্লে Mirror নহয়, Extend কৰক। ফ’ন আৰু টেবলেটত প্ৰদৰ্শন চাব আৰু কিউ তালিকা পঢ়িব পাৰি; প্ৰদৰ্শনটো কিন্তু কম্পিউটাৰৰ পৰাহে চলাওক।

আপোনাৰ কাম আপোনাৰ ডিভাইচতে থাকে

প্ৰদৰ্শন আৰু মিডিয়া ফাইল আপোনাৰ কম্পিউটাৰৰ ব্ৰাউজাৰতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। প্ৰতিটো পৰিৱেশনৰ আগতে ফাইল মেনুৰ ‘মিডিয়াসহ গোটেইখিনি সংৰক্ষণ কৰক’ বাছি সকলো মিডিয়াসহ এটা প্ৰতিলিপি ৰাখক।

apps.aank.org/burha-luit/-ৰ QR ক’ড

ৱেব এপটো খুলিবলৈ ফ’নৰ কেমেৰাৰে স্কেন কৰক।

apps.aank.org/burha-luit/

মৰমৰ স্মৃতিত

মোৰ দেউতা স্বৰ্গীয় থানেশ্বৰ গোস্বামী আৰু খুড়া স্বৰ্গীয় অৰ্পণ বেজবৰুৱা

বুঢ়া লুইত বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।

প্ৰশ্ন, সমস্যা বা নতুন ধাৰণা জনাবলৈ এপটোৰ ‘মতামত পঠিয়াওক’ সুবিধাটো ব্যৱহাৰ কৰক।

অসমৰ AANK_A Creative Line-ৰ হৈ ড° মৃণাল জ্যোতি গোস্বামীৰ সৃষ্টি।
বুঢ়া লুইত ২.০ · ২৫ অক্টোবৰ ২০২৬ত মুকলি

Scroll to Top