ডিজিটেল আহিলা / কুমচুং
কুমচুং
KUMSUNG
থিয়েটাৰ, চলচ্চিত্ৰ আৰু পৰিৱেশনৰ অভিলেখাগাৰ
এই ধৰণৰ প্ৰথম অসমীয়া চফ্টৱেৰ
নাট্যদল, চলচ্চিত্ৰ প্ৰতিষ্ঠান, উৎসৱ বা শিল্পীৰ সৃষ্টিশীল ইতিহাসৰ অভিলেখাগাৰ। প্ৰযোজনা আৰু সেইবোৰৰ শিল্পী-কলাকুশলী, নাট্যপাঠ, পোষ্টাৰ, আলোকচিত্ৰ, ৰেকৰ্ডিং, মৌখিক ইতিহাস, কালানুক্ৰম আৰু গৱেষণাৰ টোকা আপোনাৰ নিজৰ ডিভাইচতে সুৰক্ষিতে ৰাখক।
ৱেব এপটো Chrome, Edge, Safari বা Firefox-ত খুলিব পাৰি। আৰম্ভণি পৃষ্ঠাৰ পৰা ইনষ্টল কৰিলে ইণ্টাৰনেট নোহোৱাকৈও চলে। অফলাইন ফাইলটো (২.০ MB) কম্পিউটাৰৰ বাবে।
মুকলি: দেওবাৰ, ২৫ অক্টোবৰ ২০২৬, সন্ধিয়া ৫:৩০ বজাত, BBITF ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত
শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী
কি কি কৰিব পাৰি
- প্ৰযোজনা, ব্যক্তি, দল আৰু উৎসৱ
- শিল্পী-কলাকুশলীৰ নামৰ জৰিয়তে প্ৰতিজন শিল্পীৰ লগত তেওঁৰ কামৰ সংযোগ
- নাট্যপাঠ, পোষ্টাৰ, আলোকচিত্ৰ, অডিঅ’ আৰু ভিডিঅ’
- সন্মতি আৰু লিখিত ৰূপসহ মৌখিক ইতিহাস
- কালানুক্ৰম আৰু গৱেষণাৰ টোকাবহী
- গোটেই ফ’ল্ডাৰ আৰু Excel-ৰ তালিকা একেলগে আমদানি
- Word, PDF আৰু পাঠ-ফাইলৰ ভিতৰত সন্ধান
- SHA-256 পৰীক্ষাসহ সম্পূৰ্ণ বেকআপ
AANK-ৰ আন এপৰ লগত সংযোগ
কুমচুঙে AANK-ৰ প্ৰতিটো এপৰ কাম সংৰক্ষণ কৰে। সুধাকণ্ঠ, শিল্প কুটিৰ, সোণপখিলী, বুঢ়া লুইত, আৰোহণ বা শ্ৰীনিবাৰণে পঠিওৱা কাম ইয়াত আপল’ড কৰিলে প্ৰযোজনা, শিল্পী, প্ৰতিবেদন আৰু মূল ফাইল সকলো আহে। মূল এপ সুধাকণ্ঠ বা যিকোনো ষ্টুডিঅ’লৈ প্ৰযোজনা ঘূৰাই পঠিয়াব পাৰি।
আন এপত ‘পঠিয়াওক…’ টিপি তালিকাৰ পৰা কুমচুং বাছক; কুমচুঙত ‘আমদানি › aank.org-ৰ যিকোনো এপৰ কাম আপল’ড কৰক’ বাছক। aank.org-ত কামটো ‘সামগ্ৰী আমদানি’ত অপেক্ষা কৰি থাকে; আন ঠাইত ই এটা .aank ফাইল হিচাপে যায়।
নিৰ্দেশিকা আৰু ডাউনল’ড
প্ৰথমে ইনষ্টলেচন নিৰ্দেশিকা পঢ়ক: কম্পিউটাৰ, ফ’ন বা টেবলেটত এপটো কেনেকৈ খুলিব, ইনষ্টল কৰিব আৰু কাম সুৰক্ষিতে ৰাখিব, তাত দিয়া আছে।
ডিভাইচ
কম্পিউটাৰ, টেবলেট আৰু ফ’নৰ Chrome, Edge, Safari আৰু Firefox-ত ইণ্টাৰনেট থাকিলেও নাথাকিলেও চলে। অভিলেখাগাৰ চাবলৈ ফ’ন সুবিধাজনক; বহুতো ফাইল আমদানি কৰিবলৈ আৰু বেকআপ ল’বলৈ Chrome বা Edge থকা লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ কৰক।
আপোনাৰ কাম আপোনাৰ ডিভাইচতে থাকে
আপুনি ৰখা সকলো আপোনাৰ ডিভাইচতে থাকে। একো ইণ্টাৰনেটলৈ পঠিওৱা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। মাজে মাজে সম্পূৰ্ণ বেকআপ (.kumsung) সংৰক্ষণ কৰি দুটা ঠাইত ৰাখক।
ৱেব এপটো খুলিবলৈ ফ’নৰ কেমেৰাৰে স্কেন কৰক।
apps.aank.org/kumsung/
উৎসৰ্গ
বীণা প্ৰভা দলে গোস্বামী আৰু দেৱলতা গগৈৰ স্নেহস্মৃতিত
কুমচুং বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।
প্ৰশ্ন, সমস্যা বা নতুন ধাৰণা জনাবলৈ এপটোৰ ‘মতামত পঠিয়াওক’ সুবিধাটো ব্যৱহাৰ কৰক।
অসমৰ AANK_A Creative Line-ৰ হৈ ড° মৃণাল জ্যোতি গোস্বামীৰ সৃষ্টি।
কুমচুং ১.০ · ২৫ অক্টোবৰ ২০২৬ত মুকলি
AANK-ৰ সকলো ডিজিটেল আহিলা