Aank

BBITF ২০২৬ · ২৫–২৯ অক্টোবৰ · গুৱাহাটী  ·  প্ৰতিদিনৰ ডেলিগেট পাছ ₹১০০, কাউণ্টাৰত উপলব্ধ  ·  অনুষ্ঠানসূচী  ·  ২৫ অক্টোবৰৰ পৰা আঠটা বিনামূলীয়া এপ

মেনু
গৱেষণা
বিনামূলীয়া
ইণ্টাৰনেট নোহোৱাকৈও চলে
সংস্কৰণ ১
কেৱল অসমীয়া

প্ৰদীপ

PRADIP

অসমীয়া গৱেষণাৰ প্ৰণালীতত্ত্বৰ ষ্টুডিঅ’

স্নাতক, স্নাতকোত্তৰ আৰু পিএইচ.ডি. গৱেষণাৰ বাবে অসমীয়াত এটা বিনামূলীয়া সহায়ক। সাতটা স্তৰত গৱেষণা-প্ৰস্তাৱ, পিএইচ.ডি.ৰ গৱেষণা-প্ৰস্তাৱ (Synopsis) বা গৱেষণা-গ্ৰন্থৰ ৰূপৰেখা প্ৰস্তুত কৰক, খচৰা পৰীক্ষা কৰক, সাহিত্য সন্ধান কৰক আৰু গ্ৰন্থপঞ্জী সাজক।

ৱেব এপটো Chrome, Edge, Safari বা Firefox-ত খুলিব পাৰি। ব্ৰাউজাৰৰ মেনুৰ পৰা (Install app, iPhone-ত Add to Home Screen) ইনষ্টল কৰিলে ইণ্টাৰনেট নোহোৱাকৈও চলে। অফলাইন ফাইলটো (২৬২ KB) কম্পিউটাৰৰ বাবে।

PRADIP logo

মুকলি: দেওবাৰ, ২৫ অক্টোবৰ ২০২৬, সন্ধিয়া ৫:৩০ বজাত, BBITF ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত

শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী

কি কি কৰিব পাৰি

প্ৰদীপৰ উন্মোচনৰ পোষ্টাৰ

গৱেষণাৰ বাবে এটা বেলেগ এপ

প্ৰদীপ গৱেষণাৰ বাবে এটা বেলেগ এপ। নাটক আৰু চলচ্চিত্ৰৰ এপবোৰৰ সৈতে ই ফাইল আদান-প্ৰদান নকৰে।

এপটো আৰু ইয়াৰ ব্যৱহাৰ-নিৰ্দেশিকা অসমীয়াত।

নিৰ্দেশিকা আৰু ডাউনল’ড

প্ৰথমে ইনষ্টলেচন নিৰ্দেশিকা পঢ়ক: কম্পিউটাৰ, ফ’ন বা টেবলেটত এপটো কেনেকৈ খুলিব, ইনষ্টল কৰিব আৰু কাম সুৰক্ষিতে ৰাখিব, তাত দিয়া আছে।

ব্যৱহাৰ-নিৰ্দেশিকা (অসমীয়া)

PDF · ৪.৩ MB

ইনষ্টলেচন নিৰ্দেশিকা (অসমীয়া)

PDF · ৫৪৬ KB

অফলাইন ফাইল (এটা HTML)

HTML · ২৬২ KB

ডিভাইচ

কম্পিউটাৰ, টেবলেট আৰু ফ’নৰ Chrome, Edge, Safari আৰু Firefox-ত চলে। কেৱল সাহিত্য সন্ধানৰ ৱেবছাইটবোৰ খুলিবলৈ ইণ্টাৰনেট লাগে।

আপোনাৰ কাম আপোনাৰ ডিভাইচতে থাকে

আপুনি লিখা সকলো আপোনাৰ ডিভাইচতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। মাজে মাজে বেকআপ ফাইল ৰাখক।

apps.aank.org/pradip/-ৰ QR ক’ড

ৱেব এপটো খুলিবলৈ ফ’নৰ কেমেৰাৰে স্কেন কৰক।

apps.aank.org/pradip/

উৎসৰ্গ

মোৰ গৱেষণা-গুৰু অধ্যাপক প্ৰদীপজ্যোতি মহন্ত চাৰৰ হাতত শিষ্যৰ সশ্ৰদ্ধ প্ৰণাম আৰু কৃতজ্ঞতা স্বৰূপে অৰ্পণ কৰিলোঁ

প্ৰদীপ বিনামূলীয়া। গৱেষণাৰ গভীৰ কামৰ বাবে ‘মৃণালৰ অসমীয়া গৱেষণাৰ প্ৰণালীতত্ত্বৰ ষ্টুডিঅ’’ নামৰ বেলেগ, মূল্য দি ল’ব লগা চফ্টৱেৰ আছে।

প্ৰশ্ন, সমস্যা বা নতুন ধাৰণা জনাবলৈ এপটোৰ ‘মতামত পঠিয়াওক’ সুবিধাটো ব্যৱহাৰ কৰক।

অসমৰ AANK_A Creative Line-ৰ হৈ ড° মৃণাল জ্যোতি গোস্বামীৰ সৃষ্টি।
প্ৰদীপ ১ · ২৫ অক্টোবৰ ২০২৬ত মুকলি

Scroll to Top