ডিজিটেল আহিলা / কণ্ঠলিপি
KANTHALIPI
অসমীয়া আৰু ইংৰাজী কণ্ঠেৰে লিখনৰ সম্পূৰ্ণ ষ্টুডিঅ’
কৈ যাওক, লিখা যাব…
অসমীয়া আৰু ইংৰাজী কণ্ঠেৰে লিখনৰ সম্পূৰ্ণ ষ্টুডিঅ’; ছাত্ৰ-ছাত্ৰী, শিক্ষক, গৱেষক, সাংবাদিক আৰু লেখকৰ বাবে। কথা ক’লে লেখা ওলায়; কী-ব’ৰ্ড ইনষ্টল নকৰাকৈয়ে অসমীয়া লিখিব পাৰি; লাচিতৰ নিয়মেৰে বানান পৰীক্ষা কৰিব পাৰি; আৰু শব্দৰ অৰ্থ চাব পাৰি, সকলো এঠাইতে।
Mac, Windows, iPhone, iPad আৰু Android-ৰ Safari, Chrome, Edge আৰু Brave-ত চলে। এপৰ পৃষ্ঠাবোৰ অসমীয়াত; অসমীয়া, ইংৰাজী বা দুয়োটা মিহলাই কৈ বা টাইপ কৰি লিখিব পাৰি।
অসমীয়া, ইংৰাজী আৰু মিহলি কথা লিপিবদ্ধ কৰে; প্ৰতিটো বিৰতিত লেখা বহে। “দাঁড়ি” বা “নতুন শাৰী” ক’লে চিহ্ন আৰু নতুন শাৰী বহে। অডিঅ’ আৰু ভিডিঅ’ ফাইলৰ কথাও লিখি দিয়ে।
অফলাইন: আপোনাৰ নিজৰ ডিভাইচতে চলে, কণ্ঠ বাহিৰলৈ নাযায়। লাইভ: ব্ৰাউজাৰৰ নিজা ইঞ্জিন। অনলাইন AI: নিজৰ বিনামূলীয়া চাবিৰে আটাইতকৈ শুদ্ধ। দ্বিতীয় অফলাইন ইঞ্জিনটোৱে দুয়োটাৰ অমিল শব্দ দেখুৱায়।
কী-ব’ৰ্ড ইনষ্টল নকৰাকৈয়ে অসমীয়া লিখক: লাচিত ফনেটিক, লাচিত InscriptPlus বা ৰোমান লিপ্যন্তৰ (moi axomiya লিখিলে মই অসমীয়া হয়)। নিজৰ কী-ব’ৰ্ডো ব্যৱহাৰ কৰিব পাৰি।
লাচিতৰ ১,৫০০-ৰো অধিক নিয়ম, ইণ্টাৰনেট নালাগে। ভুল বানান চিহ্নিত কৰি মান্য ৰূপটো দেখুৱায়।
শব্দত দুবাৰ ক্লিক কৰিলে লাচিত, শব্দ ডট অৰ্গ আৰু ইংৰাজী অভিধানৰ অৰ্থ আৰু প্ৰতিশব্দ পাব; নিজৰ শব্দৰ তালিকাও ৰাখিব পাৰি।
এটা বুটামতে বানান, যতিচিহ্ন আৰু শুনাৰ ভুল শুধৰাওক; বা বিদ্যায়তনিক ৰূপ, সাৰাংশ বা অনুবাদৰ বাবে লেখাটো নিজৰ একাউণ্টত Claude, ChatGPT বা Gemini-ত খোলক।
লেখা নিজে নিজে ব্ৰাউজাৰত সাঁচি থাকে। Word বা লেখা-ফাইল হিচাপে ডাউনল’ড কৰক, PDF কৰক বা প্ৰিণ্ট কৰক।
সহজ দৰ্শনত কেৱল পৃষ্ঠা আৰু পাঁচটা বুটাম থাকে, ফ’নৰ বাবে সুবিধাজনক। সম্পূৰ্ণ দৰ্শনত ৰেকৰ্ডাৰ আৰু সহায়ক পেনেলো থাকে।
কণ্ঠলিপিয়ে নাটক আৰু চলচ্চিত্ৰৰ এপবোৰৰ সৈতে ফাইল আদান-প্ৰদান নকৰে। লেখাটো কপি কৰক বা Word, লেখা-ফাইল বা PDF হিচাপে ডাউনল’ড কৰি যিকোনো ঠাইত ব্যৱহাৰ কৰক।
কণ্ঠলিপিৰ অসমীয়া আৰু ইংৰাজীত এক পৃষ্ঠাৰ সহজ নিৰ্দেশিকা আছে; প্ৰিণ্ট বা PDF কৰিব পাৰি। একক অফলাইন ফাইলৰ সলনি প্ৰথমবাৰ ব্যৱহাৰৰ সময়ত কণ্ঠ-ইঞ্জিনটো এবাৰ ডাউনল’ড হয়; তাৰ পিছত ইণ্টাৰনেট নোহোৱাকৈও চলে।
Mac, Windows, iPhone, iPad আৰু Android-ৰ Safari, Chrome, Edge আৰু Brave-ত চলে। এপৰ পৃষ্ঠাবোৰ অসমীয়াত; অসমীয়া, ইংৰাজী বা দুয়োটা মিহলাই কৈ বা টাইপ কৰি লিখিব পাৰি।
এপ হিচাপে ৰাখক: Mac-ৰ Safari-ত File ▸ Add to Dock; iPhone বা iPad-ত Share ▸ Add to Home Screen; Chrome, Edge বা Android-ত ঠিকনা-বাৰৰ Install চিহ্ন।
লেখা আপোনাৰ নিজৰ ডিভাইচৰ ব্ৰাউজাৰতে থাকে; একাউণ্টৰ প্ৰয়োজন নাই। অফলাইন ইঞ্জিনত কণ্ঠ ডিভাইচৰ বাহিৰলৈ নাযায়; লাইভ ইঞ্জিন আৰু অনলাইন AI-এ কণ্ঠ সেই সেৱালৈ পঠিয়ায়।
কৃতজ্ঞতা
লাচিত (lachit.org, মৃদুল কুমাৰ শৰ্মা): বানান পৰীক্ষকৰ নিয়ম, কী-ব’ৰ্ডৰ নক্সা আৰু অভিধান, তেখেতৰ অনুমতিসাপেক্ষে; শব্দ ডট অৰ্গ (xobdo.org, XOBDO Team), XOBDO.ORG-ৰ অনুমতিক্ৰমে
কণ্ঠলিপি সকলোৰে বাবে বিনামূলীয়া, AANK_A Creative Line-ৰ উদ্যোগ।
প্ৰশ্ন, সমস্যা বা নতুন ধাৰণা আছে নেকি? [email protected]লৈ লিখক, বা এপৰ তলৰ ‘মতামত’ ব্যৱহাৰ কৰক।
কণ্ঠলিপি ৪.২ · অসমৰ AANK_A Creative Line-ৰ হৈ ড° মৃণাল জ্যোতি গোস্বামীৰ সৃষ্টি